বানপানীত ক্ষতিগ্ৰস্ত হোৱা কম্পিউটাৰ, লেপটপ, প্ৰিণ্টাৰ আদিৰ পৰিদৰ্শন আৰু মেৰামতি বাবে পঞ্জীয়ন ৷
লক্ষ্য অভিযান আৰু কম্পিউটাৰ কম্পেনিয়নৰ এক বিশেষ জনসেৱামূলক পদক্ষেপ ৷
প্ৰিয় ৰাইজ, শেহতীয়া বানপানীৰ ফলত বহু পৰিয়াল, বিদ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কাৰ্যালয়ৰ কম্পিউটাৰ, লেপটপ, প্ৰিণ্টাৰ, ইউ.পি.এছ. আৰু অন্যান্য বৈদ্যুতিক সঁজুলি ক্ষতিগ্ৰস্ত হৈছে। এই কঠিন সময়ত লক্ষ্য অভিযান আৰু কম্পিউটাৰ কম্পেনিয়নৰ উদ্যোগত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বিশেষ পৰিদৰ্শন আৰু মেৰামতি সেৱা আগবঢ়োৱা হ'ব। যদি আপোনাৰ কোনো সঁজুলি বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে, তেন্তে অনুগ্ৰহ কৰি কাষত থকা পঞ্জীয়ন পত্ৰ পূৰণ কৰক। আমাৰ দলে আপোনাৰ তথ্য পৰ্যালোচনা কৰি সুবিধাজনক সময়ত আপোনাৰ সৈতে যোগাযোগ কৰিব।
📍 বৰ্তমান সেৱা উপলব্ধ ✅ শিৱসাগৰ ✅ চৰাইদেউ ✅ যোৰহাট
📝 পঞ্জীয়নৰ পূৰ্বে অনুগ্ৰহ কৰি মনোযোগ দিয়ক
✅ পঞ্জীয়ন সম্পূৰ্ণ বিনামূলীয়া।
✅ পঞ্জীয়ন কৰাৰ পিছত আমাৰ দলে আপোনাৰ সৈতে অহা ২০ আগষ্টৰ ভিতৰত যোগাযোগ কৰিব।
✅ সঁজুলি পৰিদৰ্শনৰ পিছত মেৰামতিৰ সম্ভাৱনা, প্ৰয়োজনীয় যন্ত্ৰাংশ আৰু সম্ভাব্য ব্যয় (যদি থাকে) জনোৱা হ’ব।
✅ পঞ্জীয়নৰ ক্ৰম, দূৰত্ব আৰু পৰিস্থিতি অনুসৰি সেৱা আগবঢ়োৱা হ’ব।
🤝 আমাৰ অনুৰোধ
আপোনাৰ ওচৰ-চুবুৰীয়া, বিদ্যালয়, চৰকাৰী বা বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান অথবা বানপানীত ক্ষতিগ্ৰস্ত যিকোনো পৰিয়ালৰ কম্পিউটাৰ বা প্ৰিণ্টাৰ থাকিলে এই পঞ্জীয়নৰ বিষয়ে তেওঁলোককো জনাব।
আপোনাৰ এটা খবৰ বহু লোকৰ বাবে উপকাৰী হ’ব পাৰে।
⚠️ গুৰুত্বপূৰ্ণ জাননী
- এই পঞ্জীয়ন আমাৰ চাৰ্ভিচ গ্ৰহণ কৰিব খোজা ব্যক্তি বা অনুষ্ঠানৰ তথ্য সংগ্ৰহৰ বাবে।
- সঁজুলি পৰিদৰ্শনৰ পিছত মেৰামতিৰ সম্ভাৱনা, সময় আৰু খৰচ (যদি প্ৰযোজ্য হয়) জনোৱা হ’ব।
- যাতায়াত আৰু চাৰ্ভিচ সময়সূচী আবেদন সমূহৰ সংখ্যা আৰু অঞ্চল অনুসৰি নিৰ্ধাৰণ কৰা হ’ব।
এই সেৱা বানপানীত ক্ষতিগ্ৰস্ত সঁজুলিৰ তথ্য সংগ্ৰহ আৰু পৰিদৰ্শনৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছে । পঞ্জীয়ন কৰিলেই মেৰামতি নিশ্চিত বুলি গণ্য কৰা নহয় । সঁজুলিৰ অৱস্থা পৰীক্ষা কৰাৰ পিছত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
📋 তলৰ পঞ্জীয়ন পত্ৰ পূৰণ কৰক
সহায় আৰু সহযোগিতাৰ আন্তৰিক আহ্বান
মানুহৰ বিপদৰ সময়ত মানুহৰ কাষত থিয় দিয়াটোৱেই আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব।
শেহতীয়া বানপানীৰ ফলত বহু পৰিয়াল, বিদ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কাৰ্যালয়ৰ কম্পিউটাৰ, লেপটপ, প্ৰিণ্টাৰ আৰু অন্যান্য তথ্য-প্ৰযুক্তি সঁজুলি ক্ষতিগ্ৰস্ত হৈছে। এই সঁজুলিসমূহ পুনৰ সচল হ’লে বহু শিক্ষাৰ্থী, শিক্ষক, ক্ষুদ্ৰ ব্যৱসায়ী আৰু সাধাৰণ লোকে পুনৰ স্বাভাৱিক জীৱনলৈ উভতি যাব পাৰিব।
এই উদ্দেশ্যে লক্ষ্য অভিযান-এ বানপানীত ক্ষতিগ্ৰস্ত সঁজুলিৰ পৰিদৰ্শন, মেৰামতি আৰু প্ৰয়োজনীয় কাৰিকৰী সহায় আগবঢ়োৱাৰ এক বিশেষ অভিযান আৰম্ভ কৰিবলৈ লৈছোঁ ।
এই মানৱীয় প্ৰচেষ্টাত আপোনালোকৰ সহযোগিতা আন্তৰিকভাৱে কামনা কৰিছোঁ।
আপুনি বা আপোনাৰ অনুষ্ঠানে তলত উল্লেখ কৰা যিকোনো ধৰণে সহায় কৰিব পাৰে—
- নতুন/পুৰণি কম্পিউটাৰ, প্ৰিন্টাৰ ইত্যাদি দান বা তাৰ মূল্য দান কৰা ৷
- কাৰিকৰী বিশেষজ্ঞ বা স্বেচ্ছাসেৱক হিচাপে অংশগ্ৰহণ।
- ক্ষতিগ্ৰস্ত অঞ্চললৈ যাতায়াতৰ সুবিধা বা বাহনৰ সহায়।
- মেৰামতিৰ বাবে প্ৰয়োজনীয় যন্ত্ৰাংশ, সঁজুলি বা সামগ্ৰী যোগান।
- আৰ্থিক সহায় আগবঢ়োৱা।
- বিদ্যালয়, গাঁও বা অঞ্চলভিত্তিক ক্ষতিগ্ৰস্ত সঁজুলিৰ তথ্য সংগ্ৰহত সহায় কৰা।
- এই জনসেৱামূলক অভিযানৰ বিষয়ে অধিক লোকৰ ওচৰলৈ বাৰ্তা প্ৰচাৰ কৰা।
আপোনাৰ সামান্য সহযোগিতাই বহু পৰিয়াল, শিক্ষাৰ্থী আৰু প্ৰতিষ্ঠানৰ বাবে নতুন আশাৰ বাট মুকলি কৰিব পাৰে।
আহক, আমি সকলোৱে মিলি এই দুৰ্যোগৰ সময়ত একে লগে আগবাঢ়ো আৰু বিপদগ্ৰস্ত লোকসকলৰ কাষত থিয় দিওঁ।