লক্ষ্য অভিযান
প্ৰশিক্ষণ আৰু সংস্থাপন সংস্থা



Email-admin.lakhsyaabhijan.com
“লক্ষ্য অভিযান”
“লক্ষ্য অভিযান” হৈছে প্ৰশিক্ষণ, উৎপাদন আৰু বিপণনৰ সুবিধাৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টিৰ বাবে উৎসৰ্গিত বেচৰকাৰী সংস্থা (NGO)। লক্ষ্য অভিযানৰ জৰিয়তে সফল, প্ৰতিষ্ঠিত, বিশিষ্ট, বৰেণ্য ব্যক্তি সকলৰ সুসংহত কাৰ্যপন্থা, সহায় সহযোগ, দিহা পৰামৰ্শ, সাহায্য তথা নেতৃত্বৰে নিবনুৱা সংস্থাপনৰ এক অভিনৱ কৌশল হাতত লৈ আমাৰ সমাজৰ আতাইতকৈ ডাঙৰ সমস্যা “নিবনুৱা সমস্যা” সমাধান কৰাৰ এক প্ৰয়াস কৰা হৈছে ৷ তথ্য-প্ৰযুক্তিৰ আন্ত:গাঁঠনিৰ অভাৱৰ বাবে ব্যয়বহুল হৈ পৰা কাৰীকৰী/তথ্য-প্ৰযুক্তি বিদ্যা, উদ্যোগীকৰণৰ অভাৱ আদি অসুবিধা সমূহ যথা সম্ভৱ দুৰ কৰি শিক্ষিত নিবনুৱা সকলে অৰ্জন কৰা শৈক্ষিক ভিত্তিক শিক্ষা প্ৰণালীৰ সৈতে দক্ষতা ভিত্তিক আৰু মূল্যবোধ ভিত্তিক শিক্ষা প্ৰণালী সংযোজন কৰি নিজৰ মনৰ পচন্দ অনুসৰি বিভিন্ন কামৰ সৈতে জড়িত কৰোৱা হয় ৷ এনে কাৰ্যৰ দ্বাৰা এক কৰ্ম সংস্কৃতি গঢ়ি তুলি যুৱক-যুৱতী সকলৰ জীৱনৰ লক্ষ্যৰ দিশে আগুৱাই নিয়া এয়ে আমাৰ লক্ষ্য অভিযান ৷
কৰ্ম সংস্থান, সুযোগ-সুবিধা উপলব্ধ কৰিবলৈ কৃষি তথা ঔদ্যোগিকভাৱে অগ্ৰসৰ হোৱাটো অতিবাঞ্ছনীয়, উদ্যোগীকৰণ অবিহনে দাৰিদ্ৰ মোচন আৰু নিবনুৱা সংস্থাপন অসম্ভৱ ৷ তাৰ বাবে প্ৰশিক্ষণ অথবা উৎপাদিত সামগ্ৰীৰ বিপণৰ সুবিধা, সেৱা খণ্ডৰ অৱধাৰিত বিকাশত মনোনিবেশ কৰিব লাগিব ৷ আমাৰ সংস্থাৰ তৰফৰ পৰা যি সমূহ সেৱা সুবিধা আগ বঢ়োৱা হ’ব সেই সেৱা সুবিধাই নবপ্ৰজন্মৰ লক্ষ্য উদ্দেশ্য পূৰণ কৰিব, নিবনুৱা সমস্যা সমাধানত স্থায়ীত্ব প্ৰদান কৰিব ৷
আশা-আকাংক্ষাক প্ৰতিনিধিত্ব কৰা নবপ্ৰজন্মৰ একোটা গোট তৈয়াৰ কৰি কৰ্ম-সংস্কৃতি আৰু গতিশীলতাৰ মন্ত্ৰেৰে আমি এখন উন্নত সমাজ গঢ়াৰ বাবে সংকল্পবদ্ধ ৷ নতুন প্ৰজন্মই তেওঁলোকৰ সংস্কাৰকামী, পৰিবৰ্তনকামী চিন্তা-চেতনাৰে অসমক এক সুন্দৰ স্বপ্নলৈ পৰ্যবসিত কৰিবলৈ সমৰ্থ হ’ব সেই আশাৰে আমাৰ এই যাত্ৰা ৷
সকলোবোৰ ডাঙৰ সপোনৰ আৰম্ভনি একোটা ক্ষুদ্ৰ আশাৰেই আৰম্ভ হয় ৷
আমাৰ এই যাত্ৰাত আপুনিও অংশগ্ৰহণ কৰক ৷ অংশীদাৰ, প্ৰশিক্ষক, বিদ্যাৰ্থী বা দাতা আপুনি যিটোৰ বাবে উপযুক্ত সেই স্বৰূপে আমাৰ সৈতে সহযোগ কৰক, অংশগ্ৰহণ কৰক ৷ আহক আমি সকলোৱে মিলি এক সুন্দৰ ভৱিষ্যতৰ সন্ধানত অৱতীৰ্ণ হওঁ ৷

সমাজৰ অগ্ৰগতিৰ বাবে আমি কৰ্ম সংস্কৃতি গঢ়ি তুলিব লাগিব ৷ কৰ্ম সংস্কৃতি গঢ়িবলৈ তলৰ ছবিত দিয়া ধৰণে কিছুমান আৰ্হি প্ৰস্তুত কৰা হৈছে ৷ এই পৰিবৰ্তনকামি লক্ষ্য উদ্দেশ্য সফল কৰিবলৈ আপুনিও সহযোগিতা আগ বঢ়াওক ৷




নিবনুৱা সমস্যা সমাধান কৰিবলৈ আমি সকলো একেলগে আগবাঢ়িব লাগিব ৷ আমাৰ দায়িত্ব হ’ল নতুন উদ্যোগ স্থাপন, ব্যৱসায় বাণিজ্যৰ সুযোগ সৃষ্টি আৰু কৌশল উন্নয়নমূলক শিক্ষা লাভৰ পথ প্ৰশস্ত কৰা ৷ নিজ নিজ ক্ষেত্ৰত উদ্যমী হৈ উঠি, অন্য লোককো সহায় কৰি আৰু চাকৰিৰ সুযোগ বৃদ্ধি কৰি আমি এক উন্নত সমাজ গঢ়িব পাৰোঁ ৷
আহক সকলোৱে মিলি উন্নয়নৰ অংশীদাৰ হওঁ – সকলোৰে বাবে উন্নয়নৰ দুৱাৰ মুকলি কৰোঁ ৷
আপোনাৰ উপযোগিতা অনুসৰি ইয়াৰে যি কোনো পদত যোগদান কৰক ৷
অংশীদাৰ,
প্ৰশিক্ষক,
বিদ্যাৰ্থী
আৰু
দাতা
আপোনাৰ অংশগ্ৰহণে নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বলিষ্ঠ ভুমিকা পালন কৰিব ৷